ঈশান উদয়i Js72uWw. rmah I
ঈশান উদয় হ'ল ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয় অনুদান আয়োগ (The University Grants Commission, UGC) আৰু মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয়-এ (Ministry of Human Resource Development, MHRD) উত্তৰ-পূৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ বৃত্তি। যিকোনো শাখাতে ১০+২ সফলতাৰে উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী পৰ্য্যায়ৰ উচ্চ শিক্ষাৰ নামভৰ্তি কৰে আৰু যাৰ পৰিয়ালৰ বছেৰেকীয়া উপাৰ্জন ৪.৫ লাখ টকাৰ কম তেঁওলোকে এই বৃত্তিৰ বাবে আৱেদন কৰিব পাৰে৷ এই বৃত্তি প্ৰতি বছৰে উত্তৰ-পূৱৰ দহ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব৷ বৃত্তিৰ পৰিমাণ প্ৰতি মাহে ৩,৫০০ টকাৰ পৰা ৫,০০০ টকা৷ শেহতীয়া ভাৱে এই বৃত্তিৰ মূল্য মাহে ৭,৮০০ টকালৈ বৃদ্ধি কৰিছে৷ এই বৃত্তি কেৱল স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবেহে, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে নহয়৷[1]
কেৱল অনলাইন যোগেহে ইয়াৰ বাবে আৱেদন পত্ৰ জমা লয়৷ নতুন আৱেদনকাৰী এজনৰ বাবে যাৱতীয় নথিপত্ৰসমূহ হ'ল-
- পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ।
- নতুন ডিগ্ৰীৰ বাবে নামভৰ্তি কৰা শিক্ষানুস্থানৰ মূৰব্বী আৰু বিভাগীয় মূৰব্বীৰ প্ৰমাণ পত্ৰ।
- অভিভাৱকৰ আয়ৰ নথি।
- স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ।
- আৱেদনকাৰীৰ পাছপ'ৰ্ট জোখৰ ৰঙীন আলোকছবি।
- ৫০ টকাৰ দলিলত আৱেদনকাৰীয়ে আন কোনো চৰকাৰী বৃত্তি গ্ৰহণ কৰি নথকাৰ ঘোষণাপত্ৰ৷
http://www.ugc.ac.in/ner/ ৱেব ঠিকনাত নঠিসমূহৰ স্কেন কপি সহ আৱেদন জমা দিব লাগে৷
এই বৃত্তিৰ বাবে এবাৰ নিৰ্বাচিত হ'লে গোটেই স্নাতক পাঠ্যক্ৰমৰ সময়চোৱাৰ বাবে (৩/৪/৫ বছৰৰ বাবে) জলপানি ম্যাদ প্ৰযোজ্য হয়। পঢ়ি থকাৰ প্ৰমাণ হিচাপে ৩ মাহৰ মূৰে মূৰে বিভাগীয় আৰু শিক্ষানুস্থানৰ মূৰব্বীৰ স্বাক্ষৰ থকা 'continution form' জমা দিব লাগে।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Instructions". UGC. http://www.ugc.ac.in/ner/Downloads/Instructions.pdf। আহৰণ কৰা হৈছে: 31 July 2015.